-->
Assamese Story of a man/ কাহিনী প্ৰতি গৰাকী মানুহৰ.

Assamese Story of a man/ কাহিনী প্ৰতি গৰাকী মানুহৰ.

Assamese Story of a man

কিছুমান মানুহে আপোনাক বুজি নাপাব! লাগিলে তেওঁ আপোনাৰ বন্ধু হওঁক অথবা প্ৰিয় কোনোবা।
এইবোৰ মানুহক জীৱনৰ অংগ নবনোৱাটোৱেই ভাল অথবা জীৱনৰ পৰা আঁতৰাই দিয়াই ভাল। তেওঁলোকে কেৱল নিজৰ কণ্ঠৰ বলত আপোনাক হেৰুৱাবলৈ চেষ্টা কৰিব অথবা হেৰুৱাই দিব, যুক্তি কি বুজি নাপাব।




আকৌ কিছুমান মানুহ আছে, দুয়োটা চকু বন্ধ কৰি আপোনাক সহজেই বিশ্বাস কৰি ল'ব।
কাৰণ তেওঁলোকে বুজি পায় আপুনি আচলতে কি! আপোনাৰ ভিতৰত আপুনি নামৰ এটা মানুহ লুকাই আছে, যি তেওঁলোকে সহজে ধৰিব পাৰে। তেওঁলোকে আপোনাৰ ভালে আছোঁ বুলি কোৱা মিছা কথাটো খুব সহজেই ধৰিব পাৰে... যদিও আপুনি মিছা কয়, কিন্তু এই মানুহবোৰক ফাঁকি দিয়া মানে সাত সাগৰ তেৰ নদী সাতুৰি পাৰ হোৱা। আপোনাৰ হাক-বাক মেছেজৰ প্ৰতিটো নমুনা তেওঁলোকৰ বাবে নজনা নহয়। তেওঁলোকে আপোনাৰ হাক-বাক মেছেজৰ আঁৰত লুকাই থকা গোপন ৰহস্যটো উলিয়াই আপোনাৰ আগত দাঙি ধৰিব পাৰে। মাজৰাতি মেছেজ কৰি আপোনাক সুধে, 'মন বেয়া, কি হৈছে?'






আৰু আপুনিও সহজতে, 'একো হোৱা নাই!' বুলি কৈ দিয়ে! মোৰ মতে জীৱনৰ আটাইতকৈ ডাঙৰ মিছা কথা এইটোৱেই।
বহুত কিবাকিবি কোৱাৰ ইচ্ছা থাকিলেও তেতিয়া আপুনি একো হোৱা নাই বুলি ক'ব লাগিব।
"মই ভাল থাকিলেই হ'ল?" এই সঁচা কথাটো তেওঁলোকে বিশ্বাস কৰি লয় নিঃসন্দেহে।
এই ধৰণৰ মানুহৰ নম্বৰ ম'বাইলৰ স্ক্ৰীণত ভাহি উঠিলে বহুত ভাল লাগে। মানুহবোৰৰ কাৰণে মনৰ ভিতৰত গঢ়ি উঠা অযুত ভালপোৱা মিছা নহয়।
বাজি থকা ম'বাইলৰ স্ক্ৰীণত নম্বৰটো দেখি আপোনাৰ মনত হাক-বাক ফুৰ্তি লগাটো মিছা নহয়।
এই ধৰণৰ মানুহে আপোনাৰ মনৰ কেলেণ্ডাৰৰ পৰা বিষন্নতাৰ দিন কেইটা মচি পেলাব।
ঘড়ীত টিক টিক কৈ ঘুৰি থকা বেয়া সময়বোৰত তেওঁলোক আপোনাৰ ওচৰত থাকিব।






আপোনাৰ হাতত এক বস্তা হাঁহি গুজি দি তেওঁলোকে আপোনাৰ বিষাদৰ বস্তাটো নিজৰ লগত লৈ যাব। আপুনি সদায় সুখত থাকক তেওঁলোকে মাথোঁ এইটোৱেই বিচাৰিব। আপোনাৰ মুখত হাঁহি বিৰিঙাবলৈ আপোনাৰ দুখ সমূহ তেওঁলোকে নিজৰ কৰি ল'ব।
এই ধৰণৰ মানুহবোৰক নিজৰ লগতে ৰাখক, গুৰুত্ব দিয়ক। যিমানদূৰ সম্ভৱ, এই ধৰণৰ মানুহক কেতিয়াও দুখ নিদিব।
বিয়পি পৰক এই ধৰণৰ মানুহ- বাজি থকা ম'বাইলৰ স্ক্ৰীণত, কিতাপৰ পৃষ্ঠাই পৃষ্ঠাই, ফেচবুকৰ হাক-বাক মেছেজত, অথবা জীৱনৰ ধাৰাবাহিক নিয়ম হৈ....॥

0 Response to "Assamese Story of a man/ কাহিনী প্ৰতি গৰাকী মানুহৰ."

Post a Comment

Iklan Atas Artikel

Iklan Tengah Artikel 1

Iklan Tengah Artikel 2

Iklan Bawah Artikel