
Love / প্ৰেমৰ বিশালতা |
Sunday, September 23, 2018
1 Comment
Assamese love story status
প্ৰেমৰ আৰম্ভণি খুব আচৰিত ধৰণে হয়! একদম সপোনৰ দৰে দিনবোৰ অতিবাহিত হৈ যায়, গমকে পোৱা নাযায়। ভালপোৱা লোকজনক ২৪ ঘণ্টা 'ভালপাওঁ' বুলি কৈ কৈ বুজাই দিয়া হয় প্ৰেমৰ বিশালতা।
পাৰ্কৰ বেঞ্চৰ তলত জমা হৈ থকা বাদামৰ বাকলিয়ে বুজাই দিয়ে, এটি আমোদজনক গধূলি পাৰ হোৱাৰ বতৰা।
ম'বাইল ৰিচাৰ্জ কৰা দোকানীৰ বহীখনত লিখা থাকে হাজাৰ ৰাতিৰ হাজাৰটা গল্পৰ হিচাপ।
অধিকাংশ ভালপোৱা মাহ, দুমাহ, বছৰ অতিক্ৰম কৰাৰ পিছত লাহে-লাহে শেষ হৈ যোৱা পৰিলক্ষিত হয়।
হাজাৰটা ৰাতি উজাগৰে অমানিশা কেৱল কথা পাতি পাৰ কৰাৰ পিছত হঠাৎ কোনোবা এটা ৰাতি নিজৰ মনটো খুচৰি কোনো এটা কথা বিচাৰি পোৱা নাযায়....!
নিৰাশ....
-- কেনে আছা?
-- ভালে আছোঁ!
-- কি কৰিছা?
-- ???
আই লাভ ইউ'ৰ চক্ৰত পৰি বুকুৰ মাজত প্ৰকাশ কৰিব নোৱাৰা শূন্যতা ভৰি উঠে। খুব সম্ভৱ, ইয়াতকৈ অসহায় অনুভূতি আৰু নাই। সম্পৰ্কৰ মাদকতা লাহে-লাহে কমি আহে! এটা সময়ত ভাব হয়, ভালপোৱা আৰু আগৰ দৰে জমা নাই। আগৰ উন্মাদ ভাৱনা আৰু নাই... চকুযোৰিলৈ চালে এতিয়া আৰু আগৰ দৰে বুকুখন কঁপি নুঠে। হাতখন স্পৰ্শ কৰিলে আগৰ দৰে এতিয়া আৰু বিদ্যুৎ প্ৰবাহৰ দৰে শিৰশিৰকৈ গোটেই শৰীৰৰ বৈ নাযায়। ক'ত জানো কিবা উল্টা পুল্টা হৈ গ'ল। কেনেকৈ জানিম কি হেৰাল?
তেতিয়া এটা বিকৃত অনুভৱে আহি ভিতৰত বাস কৰে আৰু ফুচফুচাই কয়, "সকলো শেষ হৈ গ'ল, একো বাকী থকা নাই।"
ভালপোৱা আচলতে এনেকৈ শেষ হৈ যায়নে নাযায় মই নাজানোঁ....। কিন্তু প্ৰায়বোৰ সম্পৰ্ক সময়ৰ লগত এনেকৈ শেষ হৈ যায়। হাঁহি থকা ৰঙীন Couple Pictureখন হঠাৎ Black & White হৈ যায়।
যেতিয়া কোনোবাই সুধে, "কি হৈছিল? সকলো তো ঠিকেই চলিছিল তোমালোকৰ।"
গালত হাত থৈ অইনফালে চাই মানুহটোৱে কয়, "নাজানোঁ ... বহুদিন ভালেই চলিছিল... তাৰপিছত লাহে-লাহে নজমা হ'ল।
হয়তো বহুত আমোদজনক দিন যোৱাৰ পিছত ভালপোৱা ক্লান্ত হৈ টোপনিত যায়গৈ। আপুনি ভালপোৱাক টোপনিত যাব নিদিয়ে, ব্যস্ত হৈ যায় ভালপোৱাক জগাবলৈ। ভালপোৱা নাজাগে...!
অৱশেষত আপুনি চেষ্টা এৰি দিয়ে...! আপুনি ধৰি লয়... ভালপোৱাৰ মৃত্যু হৈ গ'ল...! ভালপোৱা আৰু কেতিয়াও নাজাগে...! আপুনি টোপনিত যোৱা ভালপোৱাক কবৰ দি গুচি আহে..। কেইদিনমান পিছত আপুনি বুজি পায়, ভালপোৱাৰ আচলতে মৃত্যু হোৱা নাই...। আপোনাৰ বুকুখন হঠাৎ কঁপি উঠে...! আপুনি চকু বন্ধ কৰি অতীতৰ স্মৃতিবোৰ মনত পেলায় আৰু বুজি পায়, আপোনাৰ বহুত ডাঙৰ ভুল হৈ গ'ল... পিছলৈ ঘুৰি চাই দেখে এখন ডাঙৰ দেৱাল..... সেই দেৱালখন আপোনাৰ নিজৰ হাতেৰে গঢ়া... দেৱালৰ সিটো ফালৰ পৰা আপোনাৰ পুৰণা ভালপোৱাই হুৰাওৰাও কৈ কান্দে আৰু কয়, "বহুত দেৰি হৈ গ'ল! বহুত দেৰি কৰি পেলালা তুমি।"
hihi
ReplyDelete