-->
Diwali Wishes In Assamese । Assamese Diwali 2018, Wishes, Photo, Images

Diwali Wishes In Assamese । Assamese Diwali 2018, Wishes, Photo, Images

Diwali Wishes In Assamese । Assamese Diwali 2018, Wishes, Photo, Images - শুভ দিপাৱলী 2018


About Diwali In Assamese - 

"দিপাৱলী"(Diwali) হ'ল পোহৰ আৰু উজ্জ্বলতাৰ উৎসৱ । "দিপাৱলী" উৎসৱক "দীপান্বিতা" বুলিও কোৱা হয় । এই দিনটোত চৌপাশ মুখৰিত হয় নানা ৰঙৰ জিকমিক্ light ৰ পোহৰেৰে । প্ৰভুৰ আগমণৰ মনোভাৱ আগত ৰাখি জ্বলোৱা হয় অসংখ্য প্ৰদীপ । ফটকা আৰু ফুলজাৰি পোহৰে দীপান্বিতা উৎসৱৰ মাদকতা দুগুণে বঢ়ায় ।

পৰিয়ালৰ মাজত বিতৰণ হয় Diwali Wishes. সকলোৱে নিজৰ নিজৰ পৰিজন, আত্মীয়-কুটুম্ব, বন্ধু-বৰ্গক Diwali Greetings পঠিয়াই মনৰ আনন্দ প্ৰকাশ কৰে । নিজৰ প্ৰিয়জনৰ বাবে ক্ৰয় কৰা হয় মিঠাই আৰু নানা ধৰণৰ উপহাৰ ।

আজিকালি কাৰিকৰী দিশে চমক দিয়াৰ পিছৰ পৰাই Diwali Wishes পঠোৱাৰ বিনিময় প্ৰথা বৃদ্ধি পাবলৈ ধৰিছে । এই দিপাৱলী উৎসৱৰ শুভ ক্ষণটোত বিশেষকৈ নিজৰ নিজৰ mobile ৰ যোগেদি ইজনে সিজনক শুভেচ্ছা বাৰ্তা এটা নপঠিয়ালে যেন কিবা উকা উকা লাগে ।

মই এই post টোৰ যোগেদি কিছুমান "Diwali Wishes In Assamese" আৰু "Assamese Diwali Photo" আগবঢ়াইছো । আপোনালোকে এই "Assamese Diwali Images" বোৰ সকলোকে share কৰি "দীপান্বিতা উৎসৱ" ৰ আনন্দ লওঁক ।


Happy Diwali In Assamese Language -


💣💥 টিমটিমাই থকা প্ৰদীপৰ পৰা প্ৰস্ফুটিত আভাই এই দিপাৱলীত আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ কঢ়িয়াই আনক সুস্বাস্হ্য, ভাগ্য আৰু সমৃদ্ধি - শুভ দিপাৱলী !


💣💥 এই দিপাৱলী তোমাৰ বাবে হৈ পৰক ধন-ধানেৰে পৰিপূৰ্ণ, জীৱন হৈ পৰক সুখময়, তাৰেই কামনাৰে - শুভ দীপান্বিতা !


💣💥 প্ৰজ্বলিত চাকিৰ উজ্জ্বল পোহৰত মা' লম্ক্ষীৰ আৱাহনে তোমাৰ আৰু তোমাৰ পৰিয়াললৈ যেন হাঁহি, সুখ আৰু ভাগ্য কঢ়িয়াই আনে - Happy Diwali !


💣💥 দিপাৱলী আহিল,
মাটিৰ প্ৰদীপ, মিঠাতেল,
কলগছ,
ফটকা, ফুলজাৰি,
মিঠাই, পৰমান্ন,
ইত্যাদিৰ সমাহাৰ ঘটিল,
লগ-সমনীয়া, মিতিৰ-কুটুম্ব,
পাহৰি সকলো ক্লেশ,
একেলগে সবে এই উৎসৱত মিলিল -
দিপাৱলীৰ হিয়াভঁৰা শুভকামনা ! 


💣💥 এই দিপাৱলীত মোৰ কামনা এইয়ে যে, প্ৰত্যেকটো কাৰ্য্যতে যেন তুমি লাভ কৰা সফলতা, সুখ তোমাৰ চাৰিওফালে বিয়পি পৰে আৰু মা' লম্ক্ষীৰ কৃপাই তোমাৰ জীৱন আৱৰি ধৰে - Happy Diwali !


💣💥 সুখ-সম্পদ যেন তোমাৰ জীৱনলৈ আহে,
মা' লম্ক্ষীৰ তোমাৰ ঘৰলৈ আগমন ঘটে,
সুখ সদায় লগত থাকে,
আৰু
দুখ যেন আঁতৰি দূৰলৈ গুছি যায়,
তাৰেই কামনাৰে - দীপান্বিতাৰ শুভেচ্ছা যাঁচিলো !



💣💥 ভগবান শ্রীৰামৰ আশীৰ্বাদে তোমাৰ জীৱনত যেন সুখ চটিয়ায়,
দুখ'ক নাশ কৰে,
প্ৰেম'ৰ ফুলজাৰিয়ে জীৱন আলোকময় কৰি তোলে,
বন্তিগচিৰ উজ্জ্বল পোহৰে তোমাৰ জীৱন আনন্দময় কৰি তোলে - দিপাৱলীৰ শুভকামনা যাঁচিলো !


💣💥 ক্ষণে ক্ষণে জাগি উঠে অনুভৱ,
অনুভৱে জগায় তোলে বিশ্বাস,
বিশ্বাসে তৈয়াৰ কৰে এক সম্বন্ধ,
আৰু
সেই সম্বন্ধই জীৱনলৈ আনি দিয়ে কোনোবা আপোন - Happy Diwali !


💣💥 প্ৰভু কুবেৰৰ ধন,
মা' লম্ক্ষীৰ কৃপা,
আৰু
প্ৰভু ঈশ্বৰ বাবা গণেশ'ৰ আশীৰ্বাদে,
তোমাৰ জীৱন কৰি তোলক মংগলময়,
প্ৰসন্ন আৰু উল্লাসেৰে ভৰি পৰক এই দিপাৱলী - শুভ দীপান্বিতা !


💣💥 আমি আকাশত আতচবাজী জ্বলাই আমাৰ মনৰ সুখ আৰু আনন্দ প্ৰকাশ কৰোঁ,
আহক এইবাৰ দিপাৱলীত আমি সকলোৱে হিংসা, ক্লেশ, বিদ্বেষক জ্বলাই জীৱন উজ্জ্বলাই তোলো আৰু উন্নতিৰ শিখৰত আৰোহন কৰোঁ - শুভ দীপান্বিতা !


💣💥 দিপাৱলী উৎসৱৰ শুভকামনা,
দিপাৱলী'ৰ এই শুভ বেলাত মনৰ অন্ধকাৰ ঢাকি জীৱন মিঠা কৰি তোলো,
প্ৰদীপ আৰু ফটকা জ্বলাই দীপান্বিতা উৎসৱ পালন কৰোঁ - শুভ দিপাৱলী !


💣💥 মৰম, স্নেহ আৰু সুখৰ বৰষা,
বল, বুদ্ধি আৰু শিক্ষাৰ বৃদ্ধি,
এই দিপাৱলীয়ে আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ এই সকলোবোৰ কঢ়িয়াই লৈ আঁহক তাৰেই কামনাৰে - শুভ দীপান্বিতা !





Assamese Diwali Photo, Wallpaper, Images

Diwali Greetings Messages English For Diwali 2018 -


💣💥 On this promising celebration of lights, May the sparkle of bliss, Prosperity and satisfaction, Illuminate you life and your home. Wishing you a Happy Diwali 2018. 
💥 May a huge number of lights enlighten your existence with perpetual joy,prosperity and riches everlastingly … Wishing you and your family an extremely Happy Diwali.


💣💥 May this light of satisfaction, illuminate your life. May this Diwali be the most shining and helping . The sights and sounds topping off your heart with euphoria and bliss. Wishing You And Your Family A Happy Diwali.


💣💥 An event to observe Victory over annihilation, Light finished haziness, Awareness over Ignorance, An Occasion to Celebrate Life - May this favorable event illuminate your existence with Happiness, Joy and Peace - Wishes For Happy Diwali 2018




Conclusion -

আশা কৰোঁ সকলোৱে "Diwali Wishes In Assamese" আৰু "Assamese Diwali Photo, Wallpaper, Images" লেখাটো ভাল পালে । এতিয়া অনুগ্ৰহ কৰি সকলোৱে এই "Assamese Diwali Photo" আৰু "Assamese Diwali Wishes" বোৰ নিজৰ নিজৰ বন্ধু-বৰ্গ, প্ৰেমাস্পদ আৰু আত্মীয়-কুটুম্বৰ মাজত share কৰি "দীপান্বিতা উৎসৱ" ৰ মিঠা অনুভৱ বিলাওঁক । লগতে এই post ৰ তলত থকা "comment box" ত comment কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব বুলি আশা থাকিল । সদৌ শেষত Hemanta's Tek ৰ সমূহ পাঠকলৈ "দীপান্বিতা উৎসৱ" শুভকামনা জ্ঞাপন কৰিলোঁ। ধন্যবাদ । Keep Visiting  hemantastek.blogspot.com

Hemanta'sTekYoutube▶️👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👇👉https://www.youtube.com/channel/UCAbizztWsVjlaHYwJJH8mGA

                                         ||  ধন্যবাদ ||

1 Response to "Diwali Wishes In Assamese । Assamese Diwali 2018, Wishes, Photo, Images"

Iklan Atas Artikel

Iklan Tengah Artikel 1

Iklan Tengah Artikel 2

Iklan Bawah Artikel