-->
ৰূপক ৰূপহী

ৰূপক ৰূপহী

ৰূপক বজাৰলৈ বুলি ওলাইছে! তেনেতে তাৰ ভন্টি ৰূপহীয়ে মাত লগালে, ঐ দাদা, ক'লৈ যাও?
-- বজাৰ যাম, কিয় সুধিলি?
-- উভতি আহোঁতে মোলৈ এখন গল্পৰ কিতাপ আনিবি।
-- ঠিক আছে আনিম, টকা দে!
-- টকা দে মানে? তোৰ টকা দি কিনি আনিবি, পাছত দি দিম।
-- বুজিলো! তই কিমান দিবি জনা আছে। বাকীৰ বহীততো কম টকা জমা হোৱা নাই।
উত্তৰ শুনি ৰূপহীয়ে খং কৰি গুচি গ'ল। ৰূপকে ভাবিলে, কোনোমতে ৰক্ষা! অন্ততঃ দুই-তিনিশ টকা বাচিল। সদায় কিতাপ আনি দিওঁ, কিন্তু এপইচা ও নিদিয়ে।
ৰাতি ৯ টা বজাত ৰূপক ঘৰলৈ আহিল। বজাৰৰ পৰা অহাৰ লগে-লগে সদায় তাৰ একমাত্ৰ ভন্টি ৰূপহীয়ে পানীৰ ঘটি লৈ দৌৰি আহে, কিন্তু আজি তাই নাহিল। ৰূপকে চিঞৰি চিঞৰি মাতিলে, তথাপিও তাইৰ কোনো খবৰ নাই। অৱশেষত সি তাৰ ৫ বছৰীয়া ভতিজাটোক ক'লে, বাবু যোৱাচোন আন্টিক মাতি লৈ আহা।
সি ক'লে, মই নোৱালিম, নিদে গৈ মাতি লৈ আহা।
ৰূপকে ভোৰভোৰালে "অত্তেৰী... সাংঘাতিক কথা হৈ গ'ল দেখোন। চাবা বাবু আজি তোমাৰ আন্টিক বহুত মাৰিম।"
এইবাৰ সি বহুত আনন্দিত হৈ চিঞৰিছে, আন্টি.......! আন্তুলে আদি তোমাক বহুত মাল দিব। মাতি আতে তোমাক।
ৰূপহী সোমাই আহিল। ৰূপহী অহা দেখি তাইক মাৰ দিবলৈ প্ৰিপেয়াৰেচন লবলৈ আৰম্ভ কৰিলে ৰূপকৰ ৫ বছৰীয়া ভতিজাটোৱে।
সি তাৰ ভন্টিক ক'লে, কি ৰে... আজি পানী লৈ নাহিলি?
ৰূপহীয়ে কান্দো কান্দো সুৰেৰে ক'লে, এহহহহ! মই তোৰ বিচনা পাৰি দিওঁ, ৰুম চাফা কৰি দিওঁ, কাপোৰ ধুই দিওঁ! আৰু মই কিতাপ আনিব ক'লে আনি নিদিয়! এতিয়া আকৌ পানী কিয় বিচাৰিছ?
ৰূপকে বেগটোৰ পৰা দুখন চকমকিয়া গল্পৰ কিতাপ ওলালে। গল্পৰ কিতাপ দেখি ৰূপহীয়ে এনেকৈ হাঁহিলে যে ৰূপকে ভন্টিৰ হাঁহি দেখি একমুহূৰ্তৰ কাৰণে গোটেই পৃথিৱীখনৰ কথা পাহৰি গ'ল, তাৰ দুচকুৱেদি আনন্দৰ চকুপানী ওলাই আহিল। এনেকুৱা হাঁহিৰ কাৰণে সি যেন সীমান্তৰ যুদ্ধত যাবলৈ সাজু। কিতাপ হাতত লৈ ৰূপহীয়ে ক'লে, পানী গৰম কৰি থৈছোঁ, ৰ' লৈ আহিছোঁ।
তাই গুচি যোৱাৰ পিছত ভতিজাই সুধিলে, আন্তুল, তুমি আন্তিক নামালিলা কিয়? তুমি ধলিলেইতো মই মাল আলম্ভ কলি দিলো হয়। ৰূপক হাঁহি হাঁহি বিচনাৰ ওপৰত শুই পৰিল! ইফালে সৰু ভতিজাটোৱে তাৰ পিঠিত বহি মনৰ তৃপ্তি মিটাই ধুমদাম ঔ কিল দিছে।
.
জীৱন সুন্দৰ। বহুত বেছি সুন্দৰ। বিশেষকৈ যাৰ ঘৰত ৰূপহীৰ দৰে ভন্টি আৰু ৰূপকৰ দৰে দাদা আছে।
.

0 Response to "ৰূপক ৰূপহী"

Post a Comment

Iklan Atas Artikel

Iklan Tengah Artikel 1

Iklan Tengah Artikel 2

Iklan Bawah Artikel